সম্পাদকীয়

সম্পাদকীয়:  ১৯২২ চনত ডাঃ যতীন্দ্ৰনাথ বৰুৱাই চাকৰি সূত্ৰে মায়া নগৰী মুম্বাইলৈ আহি থাকিবলৈ লয়,সেয়াই অসমৰ মানুহৰ মুম্বাইলৈ আগমনৰ আৰম্ভণি । এজন দুজনকৈ, বিশেষকৈ যোৱা দশকত কেইবা হেজাৰ অসমৰ মানুহ আহি মুম্বাইত থাকিবলৈ লয় । আজি চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান তথা মনোৰঞ্জনৰ উদ্যোগৰ সংগীত, পৰিচালনা,অভিনয়, কাৰিকৰী আদি শাখাত অসমৰ মানুহে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে । মুম্বাই চানেকীৰ জৰিয়তে আমি ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইত বসবাস কৰা ঘাইকৈ অসমৰ লোকসকলৰ মনৰ ভাৱ,জীৱনধাৰা আদি আগবঢ়াম ।

এইবাৰ বহাগে অসমৰ অপায়,অমংগল, হিংসা যেন সাৰি পুচি নিৰ্মূল কৰি এক শান্তিময় পৰিবেশৰ সূচনা কৰে ।

মুম্বাই চানেকীয়ে মুম্বাইৰ সকলো প্ৰজন্মৰ লোকৰ লিখাক আদৰণি জনাব । ধন্যবাদেৰে দীপেন ৰাজকোঁৱৰ,সম্পাদক