নাৰী আৰু বিনিয়োগ

DHIRASRI

 

 

 

[লেখক: ধীৰাশ্ৰী দেৱী চৌধুৰী]


 

নাৰী আৰু বিনিয়োগ

 

আমি সততে নাৰী সকলৰ বিৰুদ্ধে পুৰুষৰ প্ৰায়ে এটি অভিযোগ শুনা যায় যে ,” পইচাৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে নাৰী”।কিন্ত আজিৰ একবিংশ শতিকাৰ নাৰী সকল পুৰুষৰ সমানে বিনিয়োগৰ ক্ষেত্ৰত দায়িত্বশীল ।
আজিৰ নাৰী কেৱল ঘৰুৱা কাম কাজৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই । তেওঁলোকে নিজৰ ঘৰ সংসাৰ সম্ভালাৰ পৰা আৰম্ভ কৰি বহু জাতিক কোম্পানীৰ উচ্চ পদস্থ বিষয়া,ৰাজনৈতিক নেতা ,প্ৰশাসনিক বিষয়া হিচাপে পদাধিকাৰ হৈ সকলো কাম সুচাৰুৰূপে পালন কৰি আহিছে ।
বিত্তিয় বিনিয়োগৰ ক্ষেত্রত নাৰীসকলে কি কি পদক্ষেপ লৈ নিজৰ লগতে পৰিয়াল তথা সমাজক আৰ্থিক বিকাশত সহায় কৰিব পাৰিব । সেই সম্পৰ্কে মোৰ বিচাৰ বিবেচনাৰে বিত্তিয় বিনিয়োগৰ কিছুমান দিশ আলোচনা কৰা হ’ল ।

* নিৰ্ধাৰিত জমাৰাশি ( Fixed Deposit ) :
হ্ৰসম্যাদী (Short term) বা দীৰ্ঘম্যাদী (Long term) বিনিয়োগৰ বাবে F.D. অতি উত্তম পদক্ষেপ । এই বিত্তয় আচনি সকলো ধৰণৰ মহিলা বিনিয়োগকাৰীৰ কাৰণে উপযোগী তেওঁ চাকৰিয়াল হওঁক বা গৃহিণী হওঁক । এই আচনি যিকোনো বিত্তিয় প্ৰতিষ্ঠানত একাউন্ট ধাৰিয়ে নিজৰ উপাৰ্জনৰ এটা অংশ নিৰ্ধাৰিত সময়ৰ কাৰণে বিনিয়োগ কৰিব পাৰে   । বিত্তিয় প্ৰতিষ্ঠান অনুযায়ী সকলোৰে সুতৰ হাৰ বেলেগ বেলেগ । বিনিয়োগকাৰীয়ে বিত্তিয় প্ৰতিষ্ঠানত ভালদৰে অনুসন্ধান কৰি নিজৰ কষ্টৰ উপাৰ্জন বিনিয়োগ কৰিব পাৰে । কিছুমান বিত্তিয় প্ৰতিষ্ঠানত মহিলাৰ বাবে বিশেষ সুতৰো ব্যৱস্থা আছে । ধনৰাশিৰ
উপৰত নিৰ্ভৰ কৰি ঋণ দিয়াৰ ব্যৱস্থা আছে ।

*সুপৰিকল্পিত বিনিয়োগ আচনি (Systemetic Investment Plan)
এই আচনি মধ্যবিত্ত শ্ৰেণীৰ নাৰী সকলৰ বাবে উপযোগী । কাৰণ এই আচনিত বিনিয়োগৰ কাৰণে বিশাল ধনৰাশিৰ প্ৰয়োজন নাই । মাহিলি কম ধনৰাশিৰ সৈতে কমেও ৫ বছৰৰ কাৰণে যিকোনো mutual fund ত বিনিয়োগ কৰিব পাৰে ।
তাৰ বাবে অৱশ্যে বজাৰৰ সম্যক জ্ঞান থকা আৱশ্যক ।

*ৰাষ্ট্ৰীয় সঞ্চয় নীধি (National Savings Scheme)
কৰ্মৰত মহিলা সকলৰ বাবে কৰ সঞ্চয় এটি অতি চিন্তাৰ বিষয় । কৰ সঞ্চয়ৰ বাবে নাৰীসকলে অপৰিকল্পিত ভাবে কিছুমান বিনিয়োগ কৰা দেখা যায় ,যাৰ কাৰণে কষ্ট উপাৰ্জন সঠিককৈ বিনিয়োগ কৰাত অসফল হোৱা দেখা যায় । ইয়াৰ বাবে পৰিকল্পিত ভাবে NSC বিনিয়োগ কৰিলে লাভৱান হোৱা দেখা যায় । ইয়াৰ কাৰণে যিকোনো ডাকঘৰত এই আচনিৰ লাভ লব পাৰে । নুন্যতম ১০০ টকাৰ পৰা আৰম্ভ কৰি যিকোনো ধনৰাশি বিনিয়োগ কৰিব পাৰে । সুতৰ হাৰ ৮.৮০% ,৫ বছৰৰ পৰা ১০ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে ।

* Public Provident Fund (PPF)
দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে PPF  নাৰী সকলৰ বাবে ভাল বিকল্প । এই আচনিৰ বহুতো সুবিধা আছে তাৰ ভিতৰত কৰ ৰেহাই অন্যতম । আচনিৰ ধনৰাশিৰ উপৰত নিৰ্ভৰ কৰি ঋণ ৰ সুবিধাও আছে । নুন্যতম ৫০০টকাৰ পৰা আৰম্ভ কৰি ১৫০০০০ টকাকৈ প্ৰতি বছৰে বিনিয়োগৰ ব্যৱস্থা আছে । সুতৰ হাৰ ৮.৭০% ১৫ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে ।

*স্থাৱৰ সম্পত্তি (Real Estate)
আজিকালি বিনিয়োগৰ বাবে স্থাৱৰ সম্পত্তি বহুত লাভ দায়ক । দিনক দিনে স্থাৱৰ সম্পত্তিৰ মূল্য বাঢ়ি আছে ই কোনোদিনে নকমে । নাৰী সকলৰ বাবে বিনিয়োগৰ ই এটা অতি উত্তম উপায় । কিছুমান বিনয়োগৰ তুলনা এই আচনিত লোকচানৰ হাৰ নাই বুলিয়েই কব পাৰি ।

*সোণ (Gold)
নাৰীৰ সোণৰ প্ৰতি দুৰ্বলতা আজিৰ নহয় । পুৰণি কালৰ পৰাই ই চলি আহিছে । কিন্ত সোণ বিনিয়োগৰ বাবে উত্তম হব পাৰে । যদিহে আপুনি অলংকাৰ কিনাৰ বিপৰীতে সোণৰ মুদ্ৰা ক্ৰয় কৰে । কিয়নো সোণৰ অলংকাৰত বহু পৰিমানে গঢ়নী বানচ নিহিত হৈ থাকে যাৰ ফলত ই বিনিয়োগৰ বাবে অনুপযোগী হৈ পৰে ।

বিনিয়োগ কৰা নকৰা সকলো আপোনাৰ হাতত  আপুনি যিমানেই কম খৰছ কৰিব সিমানেই বিনিয়োগ বাঢ়িব ।
বিনিয়োগ =উপাৰ্জন-ব্যয়
উপৰত মোৰ সম্যক জ্ঞানৰ পৰা নাৰী সকলে কেনেধৰণে বিনিয়োগ কৰিব পাৰিব তাৰ এটি ধাৰণা দিয়া হৈছে । ব্যক্তি ভেদে বিনিয়োগৰ ধাৰণা ভিন্ন হব পাৰে ।

++++

ধীৰাশ্ৰী দেৱী চৌধুৰী
University of Mumbai
M.Com
dhirasri92@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *