Poetry

বকুল

  [ লেখক: সাগৰ সৌৰভ ] মোৰ পিতাইৰ গাঁৱত এখন নদী আছিল পাক্–ঘূৰণি সোঁতৰ পৰা পাৰত উঠি আহিব খোজোঁতে উটি গ’লো ঢৌৰ বিঢৌত গতিত চহৰমুখী নৈৰ ইহকাল–পৰকাল নৈৰ বুকুতে ডুবি আছিল দূবৰিৰ নিয়ৰত কাঁচিজোন দুৰ্ভিক্ষত নুফুলিল সূৰুযমুখী বাৰীৰফালে ফেঁচাজনীৰ ‘নিউ’ ‘নিউ’ মাততো শুনি আইৰ সজল দুচকুত নাচি উঠে ধপধপনি এটা লুইতৰ বুকুফালি পিতাই গৈ আছিল নামনিৰ কমাৰশাললৈ পানীপোতাত মই চেঁকুৰিয়াই আছো… Read more →

নৈ আৰু ল’ৰাৰ কাহিনী

[ লেখক: সাগৰ সৌৰভ ] নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে ল’ৰাটো ঢুকুৱা আজি বহুদিনেই হ’ল     তাৰ আঙুলীকেইটা এতিয়াও ট্ৰিগাৰত লাগি আছে ‘কালৰো কাল বিপৰীত কাল’ বুলি গালৈ চতিয়াই দিয়া সৰিয়হ চাটি উফৰি ক’ৰবাত পৰিলগৈ পদশব্দত হেৰাই গ’ল অতীজ যেন নিচুকনি সন্ধিয়াৰ বোল এথেও–বেথেওকৈ ট্ৰিগাৰটোৱে মোৰ আঙুলীবোৰ পিন্ধি ল’লে বুকুত পিন্ধিবলৈ এতিয়াও সংকোচৰ আন্ধাৰ সুৰংগ এলা–পেচাই কথা পৰিধান কৰাটো নগ্নতা ল’ৰাটোৰ হাড়ত বনবোৰ জোপোহা হ’ল মৰাতেজৰ… Read more →

বিশ্বাসঘাতকতা

[ লেখক: ভাস্কৰ চৌধুৰী ] হৃদয় চকল চকলকৈ মাটিৰ চপৰাৰ দৰে খহে দুখৰ উত্তপ্ত শিখাত কলিজা মাজ নিশা দহে৷ সপোনবোৰ ভাগে… যদিও শব্দ নহয়, তুমি আৰু মোৰ নহয়… বাস্তৱে চিঞৰি চিঞৰি কয়৷ তুমি হয়তো আছিলা মোৰ বাবে এক জোনাকৰ অভিশাপ বুজাটো সহজ নহয় ইমান ভগ্ন হৃদয়ৰ কৰুণ বিলাপ৷ নিঃশব্দতাৰ ভাষা যদিহে বুজিব পাৰা তুমি এদিনাখন বুজিবা মোৰ বেদনা, সেইদিনা তোমাৰ… Read more →

উলমি থকা পকা ফল এটা

[ লেখক: কমল কুমাৰ তাঁতী ] উলমি থকা পকা ফল এটা আঙুলিৰে টুকুৰিয়াই চালোঁ ৰসাল সুগোল ফলটো উলমি আছিল গছডালত নে তেজৰঙা পাৰীৰ শাৰী পিন্ধা ঝুমুৰ নচা ছোৱালীবোৰৰ কলিজাৰ কোনোবা এটা কোণত? মোৰ মনত পৰে সৌ তাহানিতে কাৰ্বি বুঢ়াজনে সোধা প্ৰশ্নটোৰ কথা ‘‘সুখ পায় ক’ত অ’, কেনেকৈ পায়?’’ উলমি থকা ফলটো ছিঙি কাটি মোহাৰি খাই পেলোৱাত সুখ নে উলমি থকা… Read more →