পৰাৰ্থপৰতা

 [ লেখক: দেৱব্ৰত দাস ]

এক

এই ৰচনাখনৰ প্ৰথম অংশটোত যিটো সঁচা ঘটনাৰ অৱতাৰণা কৰা হ’ব সেইটো মোৰ এটা প্ৰিয় ঘটনা ৷ এইটোৰ সম্ভেদ পাইছিলোঁ ইণ্টাৰনেটৰ জৰিয়তে মোৰ এজন বন্ধুৰ সৌজন্যত ৷ ঘটনাটো মই ইতিমধ্যে স্থানান্তৰত এখন আপেক্ষিকভাৱে কম জনপ্ৰিয় কাকতত লিখিছিলোঁ যদিও মই ইয়াত আজি পুনৰোল্লেখ কৰিব ওলাইছোঁ, কাৰণ মোৰ আন্তৰিক ইচ্ছা যাতে বেছিতকৈও বেছি পাঠক ঘটনাটোৰ বিষয়ে অৱগত হয় ৷

ঘটনাটো এনেকুৱাঃ এদিন এজনী তেনেই সৰু ছোৱালীয়ে তাই খুচুৰা পইচা সাঁচিবলৈ কোনোবাই উপহাৰ দিয়া পিগি বেংক (Piggy Bank) পুতলাটো ভাঙি দেখিলে ইতিমধ্যে কিছু পইচা সাঁচিব পাৰিছে ৷ তাই পইচাখিনি লৈ এখন ফাৰ্মাচী পালেগৈ ৷ ফাৰ্মাচীখনত মালিকজনৰ বাহিৰে আন কৰ্মচাৰী নাছিল ৷ তাতে আকৌ মালিকজন তেতিয়া এজন অচিনাকি পুৰুষৰ সৈতে বাৰ্তালাপত মগ্ন ৷ অলপপৰ ৰৈ যেতিয়া তাই দেখিলে মালিকে তাইৰ প্ৰতি মনোযোগ দিয়া নাই, তাই কৰিলে কি পইচা এটা লৈ ফাৰ্মাচীৰ কাউণ্টাৰত জোৰেৰে শব্দ কৰিলে ৷ দোকানীয়ে বিৰক্তিৰে তাইৰ ফালে চাই সুধিলে – ‘‘কি লাগে ?’’

তাই উত্তৰ দিলে – ‘‘মোৰ ভাইটিৰ অসুখ ৷ তাক বচাবলৈ হ’লে এটা মিৰাকল (Miracle – নোহোৱা – নোপজা ঘটনা) লাগিব ৷ মই যোৱাকালি মা-দেউতাহঁতে কোৱা – কুই কৰা শুনিছোঁ, ভাইটিক হেনো মিৰাকলেহে বচাব পাৰিব ৷ মই সেয়ে ৰাতিপুৱাতে মিৰাকল নামৰ দৰবটো কিনিবলৈ আহিছোঁ ৷ মিৰাকলৰ দাম কিমান কোৱা, মোৰ হাতত বহুত পইচা আছে, সেইখিনি কম পৰিলে বাকীখিনিও যোগাৰ কৰিম ৷’’

দোকানীজনে উত্তৰ দিলে – ‘‘আমি ইয়াত মিৰাকল বিক্ৰী নকৰোঁ ৷ আৰু মই এতিয়া মোৰ ভাইটিৰ সৈতে কথা পাতি আছোঁ ৷ এওঁ বহু দূৰৰ চহৰ এখনৰপৰা আহিছে বহুদিনৰ মূৰত ৷ আমাক দিগদাৰি নকৰিবা ৷ যোৱা ৷’’

সুন্দৰ সাজ – পোছাক পিন্ধা দোকানীজনৰ ভায়েকে এইবাৰ ছোৱালীজনীৰ ওচৰলৈ আহি সুধিলে – ‘‘তোমাৰ ভাইটিক কি ধৰণৰ মিৰাকল লাগে কোৱাছোন ?’’

ছোৱালীজনীয়ে উত্তৰ দিলে – ‘‘মই নাজানো ৷ মই মাথোঁ মাই দেউতাক কোৱা শুনিছোঁ ভাইটিক এটা অপাৰেচনৰ দৰ্কাৰ ৷ বহুত খৰচ হেনো ৷ দেউতাৰ হাতত ইমান টকা নাই ৷ দেউতাই কৈছে মিৰাকল এটাইহে তাক বচাব পাৰিব ৷ সেয়ে মোৰ সাঁচতীয়া পইচাখিনি লৈ আহিছোঁ মিৰাকল কিনিবলৈ ৷’’

বেলেগ চহৰৰপৰা অহা অচিনাকি মানুহজনে সুধিলে – ‘‘তোমাৰ হাতত কিমান পইচা গোট খাইছে ?’’

তাই পইচাখিনি মানুহজনৰ হাতত দি উত্তৰ দিলে – ‘‘এক ডলাৰ আৰু এঘাৰ ছেণ্ট ৷’’

আমেৰিকাত এক ডলাৰ এঘাৰ ছেণ্ট তেনেই কম পৰিমাণৰ টকা ৷ কিন্তু টকাৰ পৰিমাণটো জানিও অচিনাকি মানুহজনে ক’লে -‘‘মোৰ হাততো এটা মিৰাকল আছে অৱশ্যে ৷ আৰু আচৰিত কথা মোৰ মিৰাকলটোৰ দামোচোন এক ডলাৰ এঘাৰ ছেণ্ট ৷ তুমি মোক তোমাৰ ঘৰলৈ লৈ ব’লাচোন, মোৰ হাতত থকা মিৰাকলটোৰে তোমাৰ ভাইটিৰ কাম হয় নে নহয় চাওঁগৈ ৷’’

সেই মানুহজন আচলতে আছিল এজন নিউৰ’ ছাৰ্জন (Neurosurgeon) ৷ তেওঁ গৈ ছোৱালীজনীৰ ভায়েকক চালেগৈ আৰু পাছত ওচৰৰে হাস্পতালত এটা ডাঙৰ অপাৰেচন সফলতাৰে সম্পন্ন কৰিলে ৷ তাইৰ ভাইটি এণ্ড্ৰু এনেকৈয়ে নিশ্চিত মৃত্যুৰ দুৱাৰ-ডলিৰপৰা উভতি আহিল ৷ অপাৰেচনটোৰ বাবে আমেৰিকাৰ বিখ্যাত শৈল চিকিৎসক কাৰ্লটন আৰ্মষ্টঙে ছোৱালীজনীৰ মাক – দেউতাকৰপৰা এটা পইচাও চাৰ্জ নকৰিলে ৷ ছোৱালীজনীয়ে শুনিলে – ‘‘সঁচাকৈ মিৰাকল এটাইহে আমাৰ এণ্ড্ৰুক বচালে ৷ অপাৰেচনটোৰ কিমান খৰচ পৰিল তাকো আমি নাজানিলোঁ ৷’’ এণ্ড্ৰুৰ বায়েক সেই সৰু ছোৱালীজনী টেছে হাঁহিলে ৷ কিন্তু তাইৰ মাকহঁতে নাজানিলে তাই অপাৰেচন নামৰ মিৰাকলটোৰ বাবে ইতিমধ্যে এক ডলাৰ এঘাৰ ছেণ্ট খৰচ কৰি পেলাইছে ৷

দুই

বহু বছৰৰ আগৰ কথা ৷ প্ৰায় কুৰি বছৰৰ আগৰ কথা ৷ মই অফিচৰ কামত মুম্বাইলৈ গৈছোঁ ৷ প্লেনখন মুম্বাই গৈ পাওঁতে যথেষ্ট পলম কৰিলে ৷ তেতিয়া ৰাতি এঘাৰমান বাজে ৷ মই লাগেজ এৰিয়াৰপৰা মোৰ ব্ৰিফকেছটো উদ্ধাৰ কৰাৰ বাবে আন আন যাত্ৰীৰ সৈতে ৰৈ আছোঁ ৷ দেখিছোঁ ওচৰতে এহাল বয়সস্থ পুৰুষ – মহিলা ৷ বৃদ্ধাগৰাকীৰ গাত মেখেলা – চাদৰ ৷ মই মোৰ ব্ৰিফকেছটো ট্ৰান্সমিছন বেল্টৰপৰা উদ্ধাৰ কৰি টেক্সী বিচাৰিবলৈ যাব খোজোঁতেই চকুত পৰিল – সেই অসমীয়া পুৰুষ মহিলাহালে অসহায়ৰ দৰে এঠাইত ৰৈ আছে ৷ সম্ভৱতঃ মুম্বাইলৈ প্ৰথমবাৰৰ বাবে আহিছে ৷ মই যামগৈ কুলাবাৰ বেংকৰ গেষ্ট হাউছলৈ, য’ত মোৰ বাবে স্থান ৰিজাৰ্ভ কৰা আছে ৷ ভাবিলোঁ যোৱাৰ আগেয়ে এখেতসকলৰ কিবা সমস্যা হৈছে নেকি এবাৰ খবৰ লৈ যাওঁ ৷ ওচৰলৈ গৈ মোৰ চিনাকি দিলোঁ ৷ তেখেতসকলে মোক পাই কিঞ্চিৎ সকাহ পালে ৷ সমস্যাটো আছিল তেওঁলোকৰ আৰ্মীত কাম কৰা পুতেক এজনে দিল্লীৰপৰা আহি এয়াৰপ’ৰ্টতে তেওঁলোকক লগ ধৰাৰ কথা আছিল ৷ এতিয়া খবৰ দিছে তাৰ ট্ৰেইন লে’ট ৷ কাইলৈ দুপৰীয়াহে পাবহি ৷ মুম্বাইত থকা ঠাই ঠিক কৰি থোৱা আছে অৱশ্যে ৷ কিন্তু তেওঁলোকে মুম্বাইলৈ প্ৰথম আহিছে, বাট – পথ চিনি নাপায় ৷ এতিয়া এই ৰাতিখন অকলে এয়াৰপ’ৰ্টৰপৰা ওলাই যাবলৈ ভয় কৰিছে ৷ মই সুধিলোঁ – ‘‘আপোনালোকৰ হোটেলখন ক’ত ? মই কুলাবালৈ যাম ৷ যদি বাটতে হয় আপোনালোকক নমাই দি যাব পাৰিম ৷’’

তেওঁলোকে ক’ল – ‘‘হোটেল নহয়, এখন ল’জ, নামটো ‘ৰুবায়া’ ৷’’

১৯৭৬ চনত মই নিজে ৰুবায়া ল’জত আছিলোঁ ৷ মাহে তিনিশ টকাৰ ভাৰাৰ ৰুম এটা আন এজনৰ সৈতে ভগাই লৈ তাৰপৰাই মাণ্ডৱী অঞ্চলৰ বেংক এটাত কেইমাহমান চাকৰি কৰিছিলোঁ ৷ মই তেওঁলোকক ক’লোঁ – ‘‘মই চিনি পাওঁ ল’জটো ৷ এ মেৰৱাঞ্জী ষ্টীটত ৷ পাৰেল অঞ্চলত ৷ ব’লক ৷’’

বৃদ্ধাগৰাকীয়ে ক’লে – ‘‘বৰ উপকাৰ কৰিলা বোপাই ৷ এই মহাৰৰ অসুখ ৷ টাটা মেম’ৰিয়েলত দেখুৱাবলৈ আনিছোঁ ৷ আমি ল’জত দুটা ৰুম বুক কৰি থৈছোঁ ৷ এটাত আমি থাকিম ৷ আনটো আমাৰ ল’ৰাৰ বাবে ৷ সেইটো এনেয়ে খালী থাকিব ৷ তুমিও দূৰলৈ যাব নালাগে ৷ ৰাতিটো আমাৰ লগতে সেইটো ৰুমতে কটাবা ৷ তুমিও আমাৰ ল’ৰাৰ দৰেই ৷’’

মই ক’লোঁ – ‘‘নেলাগে দিয়ক ৷ মোৰ থকা ঠাই ঠিক হৈ আছে ৷ মোৰ কাৰণে চিন্তা কৰিব নেলাগে ৷’’

বৃদ্ধাগৰাকীয়ে ক’লে – ‘‘মহাৰৰ অসুখৰ কাৰণেও কৈছোঁ ৷ ৰাতি – বিয়লি কিবা অসুবিধা হ’লে তুমি যদি ওচৰতে থাকা তেনেহ’লে এটা সাহস হ’ব ৷ তুমি উপযাচি আমাৰ ইমানটো উপকাৰ কৰিবলৈ আহিছা ৷ আৰু অকণমান উপকাৰ কৰা ৷ আমাৰ লগতে থাকা ৷’’

মই তেখেতৰ অনুৰোধত মান্তি হ’লোঁ ৷ তেওঁলোকে ঠিক কৰি থোৱা কোঠাতে সেই ৰাতিটো কটালোঁ ৷ পিছদিনা দেওবাৰ আছিল ৷ তেওঁলোকৰ পুতেক আহি পালে ৷ তাৰ পিছতো বৃদ্ধাই মোক এৰি নিদিলে ৷ পুতেক হেনো তেওঁলোকৰ কোঠাতে শুব পাৰিব ৷ মই থকা দিনকেইটা তেওঁলোকৰ লগতে থাকিলে ভাল পাব ৷ মঙলবাৰলৈ মই মোৰ পুৰণি বাসস্থান ‘ল’জ ৰুবায়া’তে থাকি গ’লোঁ ৷

তিনি

এই ৰচনাখন মই আচলতে লিখিছিলোঁ এখন স্মৃতিগ্ৰন্থত সন্নিৱিষ্ট কৰাৰ বাবে, মোৰ এজন মুম্বাইস্থিত বন্ধুৰ অনুৰোধত ৷ কিবা অনিবাৰ্য কাৰণবশতঃ সেই স্মৃতিগ্ৰন্থখনৰ প্ৰকাশ স্থগিত ৰাখিবলগীয়া হ’ল ৷ ইতিমধ্যে মুম্বাইৰপৰাই আন এজনে এই ই-আলোচনীখনৰ বাবে এখন ৰচনা বিচৰাত মই ভাবিলোঁ ছপা মাধ্যমত প্ৰকাশ নোপোৱা মুম্বাইকেন্দ্ৰিক ৰচনাখন এনেকৈয়ে ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদিয়েই পাঠকৰ ওচৰ চাপক ৷ প্ৰতিবিম্বৰ সম্পাদক/প্ৰকাশকমণ্ডলীক এই ৰচনাখন প্ৰকাশ কৰিবলৈ আৰু পাঠকৰ সন্মুখলৈ উলিয়াই দিবলৈ সুবিধা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জনাই এতিয়া সেই অনুষ্ঠানটোৰ বিষয়ে জনাওঁ যাৰ স্মৃতিগ্ৰন্থৰ বাবে এই ৰচনাখন প্ৰথমে ৰচনা কৰা হৈছিল ৷

অনুষ্ঠানটোৰ নাম হ’ল ব্ৰহ্মপুত্ৰ কেঞ্চাৰ কেয়াৰ ছ’চায়িটী’ ৷ অসমৰপৰা বেছ কিছু কেঞ্চাৰ ৰোগী মুম্বাই চহৰলৈ আহে ৷ চিকিৎসাৰ বাবে ৷ তেওঁলোকৰ উচিত চিকিৎসা বা লগত অহা পৰিয়াল বা বন্ধু-বান্ধৱে যাতে থকা-মেলা বা যোগাযোগ কৰাত সা-সুবিধা পায় তাৰ বাবে তেওঁলোকৰ ছ’চায়িটীয়ে যৎপৰোনাস্তি তৎপৰ হৈ থাকে ৷ দুবছৰীয়া এই অনুষ্ঠানটোত মুম্বাইত কৰ্মৰত বেছ কেইজনমান অসমীয়াই স্বতঃপ্ৰণোদিতভাৱে একত্ৰিত হৈ বিনা খৰচে অসমৰ ৰাইজৰ যিমান পাৰে অনুষ্ঠানটোৰ হৈ সাহায্য আগবঢ়াই আহিছে ৷ এনে এটা সদিচ্ছামূলক অনুষ্ঠানৰ স্মৃতিগ্ৰন্থখনলৈ মই মোৰ ৰচনা এখন লিখিবলৈ আগ্ৰহী হৈ উঠিলোঁ ৷ একে সন্দৰ্ভতে ওপৰত উল্লেখ কৰা ঘটনা দুটা মনত পৰিল ৷

প্ৰথমটোত বৰ্ণোৱা সেই মহান ডাক্তৰজন ডাঃ কাৰ্লটন আৰ্মষ্ট্ৰঙৰ মহানুভৱতা আৰু উপকাৰৰ সৈতে দ্বিতীয় ঘটনাটোত বৰ্ণোৱা উপকাৰীজনৰ সামান্য উপকাৰকণৰ কোনো তুলনা নহয় ৷ তথাপি সেই ৰাতি এজন অচিনাকি অসমীয়া ডেকাই এহাল অকলশৰীয়া বৃদ্ধ-বৃদ্ধাক হোটেললৈ আগ বঢ়োৱাৰ সময়ত তেওঁলোকৰ চকুৱে – মুখে ফুটি উঠা সকাহকণে মোক আজিও সন্তুষ্টি প্ৰদান কৰে ৷ প্ৰায় একধৰণ কাম মোৰ বন্ধু সঞ্জীৱ আৰু ডাঃ বৰঠাকুৰহঁতে মুম্বাইত কৰি আছে ‘ব্ৰহ্মপুত্ৰ কেঞ্চাৰ কেয়াৰ ছ’চায়িটী’ৰ যোগেৰে ৷ তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছোঁ ৷ আৰু এই ৰচনা পাঠ কৰা প্ৰতিজন পাঠকেও জনোৱা উচিত ৷

চাৰি

ৰচনাখন লেখাৰ আগেয়ে ভাবিলোঁ মুম্বাইত ল’গ পোৱা সেই বৃদ্ধ – বৃদ্ধাৰ পিছলৈ কি হ’ল সেই কথা জনাৰ এটা চেষ্টা কৰা যাওক ৷ তেখেতসকলৰ ঘৰ আছিল উত্তৰ লখিমপুৰত ৷ নামটো ইমানদিনে পাহৰি পেলাইছোঁ ৷ উপাধিটো মনত আছে ৷ দিল্লীৰপৰা মুম্বাইত লগ ধৰিবলৈ যোৱা পুতেকজনে কি বিভাগত কাম কৰিছিল সেইটো মনত আছে ৷ লখিমপুৰৰ মোৰ ভাতৃসম বন্ধু এজনক খুঁটি – নাতিবোৰ জনাই সুধিলোঁ – ‘‘তেখেতসকলক লগ পোৱানে ? বৰ্তমান খবৰ কি ? তেখেতসকল ভালে আছেনে ?’’

বন্ধুজনে জনালে – ‘‘আপুনি যিবোৰ বৰ্ণনা দিলে তাৰ সৈতে মিলি যোৱা এটা পৰিয়ালৰ কথা জানো ৷ দেউতাকৰ কেঞ্চাৰ হোৱাৰ কথাটোও মিলিছে ৷ কিন্তু তেখেত বহুদিন হ’ল ঢুকাল ৷ প্ৰায় দহ বছৰমানৰ আগৰ কথা ৷’’

++++

Address:
5 BN Das Lane
Ambari
Guwahati-781001
Email Id:dbdas123@yahoo.com

Leave a Reply

Your email address will not be published. Required fields are marked *