উলমি থকা পকা ফল এটা

[ লেখক: কমল কুমাৰ তাঁতী ]

উলমি থকা পকা ফল এটা

আঙুলিৰে টুকুৰিয়াই চালোঁ

ৰসাল সুগোল ফলটো

উলমি আছিল

গছডালত

নে

তেজৰঙা পাৰীৰ শাৰী পিন্ধা

ঝুমুৰ নচা ছোৱালীবোৰৰ

কলিজাৰ কোনোবা এটা কোণত?

মোৰ মনত পৰে

সৌ তাহানিতে কাৰ্বি বুঢ়াজনে সোধা

প্ৰশ্নটোৰ কথা

‘‘সুখ পায় ক’ত অ’, কেনেকৈ পায়?’’

উলমি থকা ফলটো

ছিঙি কাটি মোহাৰি খাই পেলোৱাত সুখ

নে

উলমি থকা ফলটো

উলমি থাকিবলৈ দিয়াত সুখ

তাহানিৰ কাৰ্বি বুঢ়াজনৰ দৰে

ময়ো উলমি থকা পকা ফলটোৰ

শাহটো বিচাৰি ফুৰিছিলোঁ

++++
Address:
House No. 43
Nowzan Road
Uzan Bazar
Guwahati: 781001
email: kamaltanti@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *