নৈ আৰু ল’ৰাৰ কাহিনী

SAGAR SAURAV
[ লেখক: সাগৰ সৌৰভ ]


নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে
ৰাটো ঢুকুৱা আজি বহুদিনেই ল    

তাৰ আঙুলীকেইটা এতিয়াও
ট্ৰিগাৰত লাগি আছে
কালৰো কাল বিপৰীত কাল
বুলি গালৈ চতিয়াই দিয়া
সৰিয়হ চাটি উফৰি ৰবাত পৰিলগৈ
পদশব্দত হেৰাই
অতীজ যেন নিচুকনি সন্ধিয়াৰ বোল
এথেওবেথেওকৈ ট্ৰিগাৰটোৱে
মোৰ আঙুলীবোৰ পিন্ধি লে
বুকুত পিন্ধিবলৈ এতিয়াও
সংকোচৰ আন্ধাৰ সুৰংগ
এলাপেচাই কথা
পৰিধান কৰাটো নগ্নতা
ৰাটোৰ হাড়ত বনবোৰ জোপোহা
মৰাতেজৰ চেঁকুৰাবোৰে
মোক পিন্ধি আছে
সংগোপনে
নিৰ্বিৰোধে

প্ৰতিদিন

++++

Leave a Reply

Your email address will not be published. Required fields are marked *