অচিনাকী পেহাৰ কথাবোৰ

HIRANYA

 

 

 

[ Writer: HIRANYA DEKA ]


 

সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ’বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু ঘৰত গৈ কিমানখিনি গালি খাব লগা আছে তাৰোতো কোনো ঠিকনা নাই । এইবোৰৰ মাজত লোকেল ট্ৰেইনৰ ষ্টিলৰ ওলোমাই থোৱা হেণ্ডেলডালত ধৰি ওভতি আছো । কোনোবাই প্ৰথম নতুন চহৰলৈ আহোতে কৈছিল , বোলো লোকেল ট্ৰেইনত যাবলৈ হ্’লে কিন্তু সাৱধান দেই । মোবাইল ফোন , মণিবেগ , আৰু  তোমাৰ পকেটত যিমানবোৰ হাবি যাবি সোমাই পকেটতো ওফন্দাই ৰাখিছে সে ইবোৰ বেগত ভৰাবা আৰু বেগতো মাকে কেচুৱা লোৱাৰ দৰে বুকুত ওলমাই লবা । ভাবিছিলো কিবা ৰহস্য নিশ্চয় আছে । পিছে ৰহস্যৰ আতি-গুৰি নাভাবি তাকে ই গুৰুবাক্য মানি ময়ো প্ৰ্ৰায় আধা খালী ট্ৰেইনখনত কেচুৱা সদৃশ মোৰ বেগটো সাৱটি আহি আছো । তেতিয়াই সেই ঘটনাতো ঘটিল ।

নাই নাই , বেগতোৰ একো নাই হোৱা । মোৰো একো নাই হোৱা । সন্মুখত বহি থকা তিনিজনীয়া পৰিয়াল এটালৈহে মোৰ চকু গ্’ল । মানুহ্জন প্ৰায় মোৰ পেহাৰ বয়সৰ । আচলতে পেহাৰ বয়সৰ মানে, তেওঁক যদি আপোনাৰ আগত থিয় কৰাই দিও আৰু কওঁ এও মোৰ পেহা , আপুনি নমস্কাৰ দিয়াটো খাটাং। এই জাতিটোৰ বযসিয়াল মানুহ্বোৰ কিবা দেখাত অসমীয়াৰ দূৰ-সম্পৰ্কীয় যেনহে পাওঁ । তেনেকৈ পেহাৰ লগত পেহী এজনীও আৰু তেওঁলোকৰ জীয়েক । পেহী আমাৰ অসমীয়া পেহীৰ নিছিনা নহলেও , জিয়েকজনী ঠিক পেহাৰ ছোৱালীৰ নিচিনাই । হয়্তো মেট্ৰিক দিছে, বা তেনেকুৱা ধৰণৰ কিবা পৰীক্ষা এটা । এতিয়া আহো ঘটনাতোলৈ । পেহাই পেহীজনীক কিবা এটা বিষয়ত খুব কথা কৈ আহিছে । পেহীয়ে প্ৰায় পাচটা মান সংলাপৰ পিছত সৰুকৈ হা জাতীয় কিবা এটা কৈছে , মুৰতো লৰাইছে । জীয়েকে ঠুতৰিত হাত দি মাথো শুনি গৈছে । আকৌ পেহাৰ দহটামান সংলাপ , পেহীৰ সৰু হা জাতীয় কিবা এটা । এনেকৈ এটা ষ্টেশন পাৰ হ’ল । মই       ইমান মন দিয়া নাছিলো , কিন্তু যেতিয়া একেদৰে চলি থাকিল , আৰু মোৰ হাততো বিশেষ একো টাইম পাছ জাতীয় কাম নাচিল , মই ডুব গলো কল্পনাৰ সাগৰত । কল্পনা কৰিব ধৰিলো তেওঁলোকে কি আলোচনা কৰিব পাৰেনো ? যিহেতু কথা বতৰা একো বুজা নাইয়েই , নিজৰ ধৰণেই প্লট ভাবিবো ললো ।
প্ৰথম প্লট , হয়্তো জীয়েকে মেট্ৰিক দিলে, অহা মাহত ৰিজাল্টো দিব । সমস্যা হল জীয়েকে ঘৰৰ কাষৰ হায়াৰ ছেকেণ্ডাৰী খনত পঢ়িব নে মোমায়েকৰ তাত থাকি কলেজত পঢ়িব । পেহীৰ মতে ঘৰতে থাকি পঢ়্ক , পেহাই যুক্তি দি আছে কলেজত পঢ়িলে কিমান সুবিধা হ’ব ।যিহেতু দিনৰ ভাগত পেহীয়ে নিজৰ মত শুনাইছেই, এতিয়া পেহাৰ পাল , কিমান যুক্তিৰে নিজৰ ইচ্ছাটোক পেহীত ইচ্ছাতোতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিব পাৰে । জীয়েকে কি কব আৰু , তাইৰ নিজৰতো কোনো ভাল লগা বেয়া লগা নাই , লগৰ কেইজনীয়ে কত বা এডমিছন লয় তাকো ঠিক হোৱা নাই । একেলগে পঢ়িব পালে ভাল আছিল । ইহঁত নহলেও যদি চায়ন্সৰ টিউচনত লগ পোৱা ল’ৰাটো , তাইৰ লগত যে সকলোৱে জোকায় , তাৰ লগত পঢ়িব পালেও বেয়া নালাগিব ।
দ্বিতীয় প্লট , পেহীৰ ককায়েকৰ ছোৱালীজনীৰ বিয়াত কি প্ৰেজেণ্ট দিব তাৰে আলোচনা । পেহীয়ে আচলতে কি দিম পছন্দ কৰিছেই, ভি আই পিৰ ডাঙৰ চুটকেছ এটা আৰু কেচাপাটৰ ছেট এযোৰ । হয়ো হয় , ডাঙৰ ককায়েকৰ একমাত্ৰ ছোৱলী , ইমানখিনি নিদিলে বাৰু পাৰিনে । ভি আই পিতো বাৰু পছন্দ হ্’ল , পেহাৰ বাজেটতো মিলিল । পিছে কেচা পাটৰ কথাটোহে ইমান প্ছন্দ নহল পেহাৰ । ভি আই পিতো দিলেই হয় , আকৌ কিহৰ কেচা পাট লাগেহে ? কাপোৰৰ দোকান্ত সোমাল যদিও , ইহঁতে বৰ ঠগে, আৰু দুখনমানত চাই ল’ম , শুৱালকুচী বস্ত্ৰালয়ত এবাৰ যাম কাইলে ইত্যাদি ইত্যাদি কৈ পেহীক লৈ আহিল । এতিয়া যুক্তি দি আছে – আজিকালিনো আচল পাটৰ কাপোৰ ক’ত পায় , অফিচৰ বৰুৱাদাক পাট বুলি বেনাৰসৰ কাপোৰ দি কেনেকে ঠগিলে , আজিকালি ভি আই পি দিলেও চলে । জিয়েকে একৈ মুদ্ৰাত ঠুতৰিত হাত দি ভাবিছে কাইলে শুৱালকুচী বস্ত্ৰালয় গলে ময়ো এযোৰ পাটৰ ছেট চাই আহিম কিন্তু …

তৃতীয় প্লট , পেহাই কৈছে টাউনৰ কাষৰ মাটিডোখৰ এতিয়াই নিকিনিলে পিছত পোৱা নাযাব । ইফালে নতুনকৈ ওৱাৰ্ড নম্বৰো হ’ব , তেতিয়া লাইট , পানীৰ একো চিন্তা নাই । আৰু টাউনখনোতো দিনে দিনে বাঢ়ি গৈ আছে ।কি ঠিক দুবছৰ মান পিচত টেলেঙাচুক টাউনতে পৰে বা । পেহীয়ে ইমান ভাল পোৱা নাই , ঘৰত দুজনীকৈ জীয়েক , আজি এৰি কাইলে উলিয়াই দিব লাগিব , ইমান টকা ভাঙি মাটিতুকুৰত কোন থকিব । ইফালে জীয়েকে ভাবিছে , আমাৰ নতুন ঘৰ হ্’লে ইমান ধুনীয়াকৈ সজাই ৰখিম নহয় , একেবাৰে ৰেণুবাহঁতৰ  ঘৰটোৰ নিচিনাকৈ ৰাখিম । ইমান যে ভাল হ্’ব ।
চতুৰ্থ প্লটতো ভাবিব লওতে ঘুৰি চাই দেখো পেহা সপৰিয়ালে আগৰ কোনোবা এটা ষ্টেশনতে নামি ৰল । মইহে আলোচনাৰ আচল কথাবোৰ বুজিব নোৱাৰিলো । একে কেচুৱাৰ দৰে বেগটো বুকুত সাৱটি আহি থাকিলো ।

  1 comment for “অচিনাকী পেহাৰ কথাবোৰ

  1. Bikramjit Choudhury
    May 15, 2015 at 6:24 am

    Nice story. Hope to read more from you.

Leave a Reply

Your email address will not be published. Required fields are marked *