শিক্ষা

[ লেখিকা: প্ৰীতি দেৱী বৰুৱা ]

আবেলি চাহ্কাপ পৰিণীতা ফুকনে সদায় অকলেই খাবলগীয়া হয় ৷ কাৰণ গিৰীয়েক অৰৱিন্দ ফুকন অফিচৰপৰা দেৰিকৈ ওভতে ৷ পুত্ৰ আৰু জীয়াৰী উচ্চ শিক্ষাৰ বাবে দূৰৈত থাকে ৷ ঘৰৰ আগফালে ৰাস্তাৰ মানুহ চাই চাই চাহ খোৱাটো পৰিণীতা ফুকনৰ অভ্যাস ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ৷ অন্য দিনাৰ দৰে আজিও পৰিণীতাই হাতত চাহ কাপ লৈ বাৰাণ্ডাৰ চকীখনত গাটো আঁওজাই দিলে ৷ হঠাৎ কাৰোবাৰ কৰুণ চিঞৰত পৰিণীতাৰ মুদ খাই থকা চকু দুটা খোল খাই গ’ল ৷ ৰাস্তাৰ ফালে চাই দেখিলে ৰাস্তাত সৰু সৰু ল’ৰাকেইটামানে এগৰাকী মহিলালৈ শিলগুটি দলিয়াইছে ৷ দূৰৰপৰা দেখি এনে লাগিল মানুহগৰাকী সম্ভৱতঃ মানসিকভাৱে বিকাৰগ্ৰস্ত ৷ তাই কাপোৰ এখনেৰে পাৰ্যমানে নিজকে ঢাকিবলৈ যত্ন কৰিছে ৷ ৰাস্তাৰ কোনো মানুহেই সেই মানুহগৰাকীক ৰক্ষা কৰিবলৈ বা ল’ৰাকেইটাক ধমকি দিবলৈ চেষ্টা কৰা নাই ৷

ঘটনাটো দেখি পলকতে পৰিণীতা ফুকনৰ ল’ৰালিৰ সেই দিনটোৰ কথা মনত পৰি গ’ল ৷ তেতিয়া তেওঁ হয়তো ক্লাছ ছিক্সমানত পঢ়িছিল ৷ গাঁৱৰে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই তেওঁক জীৱনৰ এটা পাঠ অতি সৰলভাৱে বুজাই দিছিল ৷

তেওঁলোকৰ গাঁৱত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই খুজি-মাগি খাই আহিছিল ৷ গাঁৱৰ সকলোৰে ঘৰলৈ তাই ভিক্ষা কৰিবলৈ গৈছিল ৷ তাইক সকলোৱে শ্ৰীদেৱী বুলি মাতিছিল ৷ পৰিণীতা ফুকনৰ ঘৰলৈও তাই আহিছিল ৷ শ্ৰীদেৱীয়ে পৰিণীতাৰ ঘৰলৈ আহিলে সদায় চাউল বিচাৰে ৷ পইচা দিলে ঘূৰাই দিয়ে ৷ কেতিয়াবা কেতিয়াবা হাঁহে আৰু প্ৰায়ে নিজৰ লগতে কথা পাতি থাকে ৷ সদায় অহাৰ দৰে সেইদিনাও তাই পৰিণীতাৰ ঘৰলৈ ভিক্ষা মাগিবলৈ আহিছিল ৷ সেইদিনা ঘৰত পৰিণীতাৰ বাহিৰে আন কোনো নাছিল ৷ অন্য দিনাৰ দৰেই পৰিণীতাই তাইক চাউল দিবলৈ গ’ল, তাই চাউলখিনি ল’লে ৷ তাৰ পাছত ক’লে – ‘‘পানী খাওঁ ৷’’ পানী খাওঁ বুলি কোৱা কথাটোত পৰিণীতা বৰ বিবুধিত পৰিল ৷ কাৰণ কাৰোবাক পানী খাবলৈ দিয়াটো মানুহৰ ধৰ্ম ৷ যাওঁ – নাযাওঁকৈ পৰিণীতা পানী আনিবলৈ ভিতৰলৈ গ’ল ৷ এটা কথাই পৰিণীতাৰ মূৰত খদমদমাই আছে যে তেওঁ তাইক পানী কিহত খাবলৈ দিব ? কাৰণ তাইক সকলোৱে পাগলী বুলি কয় ৷ আৰু এজনী পাগলীক পৰিণীতাই ঘৰৰ ভিতৰৰ গ্লাছত পানী খাবলৈ দিব নোৱাৰে ৷ আৰু দিলেও পৰিণীতাই ঘৰত গালি খোৱাৰ ভয় ৷ হয়তো সেই গিলাচটো ঘৰখনত দুনাই ব্যৱহাৰ কৰিব নোৱাৰিব !  আজিও পৰিণীতাৰ ভাবিলে আচৰিত লাগে যে জীৱনত কাৰোবাক পানী এগিলাচ দিবলগীয়া হোৱাটো সেই সময়ত কিমান কঠিন কাম হৈ পৰিছিল ৷

কি কৰোঁ,  কি নকৰোঁ ভাবি নিজৰ মনতে ডাঙৰ যুদ্ধ এখন সৃষ্টি কৰি লৈছিল পৰিণীতাই ৷ এবাৰ ভাবিলে যে তেওঁ তাইক পানী নিদিয়ে আৰু বাহিৰলৈও ওলাই নাযায় ৷ কিন্তু পৰিণীতাৰ বিবেকে তাইক সেইটোও কৰিব দিয়া নাছিল ৷ বহুত পৰ চিন্তা কৰি পৰিণীতাই থিৰাং কৰিলে যে তাইক গিলাচ এটাত পানী দি সেই গিলাচটো আৰু দুনাই ব্যৱহাৰ নকৰে ৷

পানী এগিলাচ লৈ বাহিৰলৈ পৰিণীতা যেতিয়া ওলাই গ’ল শ্ৰীদেৱী তেতিয়াও বাৰাণ্ডাতে বহি আছিল ৷ তেওঁ তাইক পানী গিলাচ আগবঢ়াই দিলে ৷ কিন্তু তাই পানী গিলাচ নল’লে ৷ তাই নিজৰ বেগটোত কিবা বিচাৰি বিচাৰি অলপ পৰৰ পাছত বেগটোৰপৰা এটা গিলাচ পৰিণীতালৈ আগবঢ়াই দিলে ৷ পৰিণীতাই গিলাচটো দেখি হয়তো ভাল পাব লাগিছিল, কাৰণ পৰিণীতাৰ বৰ ডাঙৰ সমস্যা এটা দেখোন বৰ সহজতে সমাধান হৈ গ’ল ! কিন্তু পৰিণীতাৰ মনলৈ তেনেকুৱা ভাব নাহিল, আহিল ভীষণ অপৰাধবোধ ৷ ‘‘ভগৱানে আমাক মানুহ হিচাপে পৃথিৱীলৈ পঠিয়াইছে আৰু আমি মানুহবোৰে আমাৰ মাজতেই ভেদাভেদ কৰিছোঁ ৷ শ্ৰীদেৱীয়ে হয়তো মোৰ মনৰ ভাবটো বুজি পাইছিল, মানসিক ৰোগী হৈও তাই এই ভেদাভেদৰ কথাটো পাহৰিব পৰা নাছিল ৷’’ – পৰিণীতাই ভাবিলে৷

আচলতে শ্ৰীদেৱী মানসিক ৰোগী নহয় ৷ এই সমাজত থকা মানুহবোৰহে মানসিক ৰোগী ৷ যিয়ে উচ্চ – নীচ, জাতি – ধৰ্ম আদিৰ জৰিয়তে মানুহৰ মাজলৈ ভেদাভেদ আনে ৷ হয়তো শ্ৰীদেৱীয়ে পৰিণীতাক সমাজৰ এই ভেদাভেদৰপৰা আঁতৰত থাকিবলৈ পথ দেখুৱালে, পৰিণীতাক জীৱনৰ এটা ডাঙৰ শিক্ষা দিলে ৷

পৰিণীতাই এতিয়া গৌৰৱ কৰে যে এজনী পাগলীয়ে তাইক ইমান ডাঙৰ এটা শিক্ষা দিলে ৷ অতীতৰ স্মৃতিৰপৰা বৰ্তমানত ঘটি থকা ঘটনাটোৰ ফালে পৰিণীতাই মন কৰি দেখিলে ৰাস্তাত বহুত স্কুলীয়া ল’ৰা গোট খাই মানুহজনীলৈ শিল দলিয়ায়েই আছে ৷ ৰাস্তাৰে অহা-যোৱা কৰা মানুহবোৰৰ কাৰো আজৰি নাই মানুহজনীক বচাবলৈ ৷ এইবাৰ পৰিণীতা নিজেই ওলাই গ’ল মানুহজনীক বচাবলৈ আৰু ল’ৰাবোৰক বুজাবলৈ…

++++

Address:
906, Lilly, Mantri Park
Off Film City road
Goregan East
Mumbai- 400065
email id: sumantra.barooah@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *